আজি নাই সেই দিন, নাই সেই ৰাতি ;
শৈশৱৰ ধেমালি আৰু মৰমৰ সেই মাটি ।।
আবেলিৰ সেই খেলাধূলা, আৰু সন্ধিয়া সময়ৰ পঢ়া ;
বুজিবলৈ আছিল কঠিন,কিন্তু সেয়া আছিল
জীৱন গঢ়া।
যৌৱনৰ দিন পাৰ কৰি গলো, নেপালো একোকে গম
চাগৈ এদিন এদিন কৈ জীৱনৰ পৰা দিন হৈ আছিল কম
দেউতাৰ আদৰ যত্ন আৰু মা'ৰ মিঠা শাসন সদায় আছিল ;
দুয়োজনৰে মৰম আৰু ভালপোৱাৰ কোনো সীমা নাছিল ।।
এদিন ওলাই আহিব লগা হ'ল এই বন্ধনৰ মাজৰ পৰা,
নিজকে মই হেৰুৱাই পেলালো যেন আকাশত
এটি তৰা ।।
লাগে লাহে বুজিবলৈ আৰম্ভ কৰিলো জীৱন যে এক সংগ্ৰাম;
নিজকে এবাৰ আকৌ বিচাৰি পাই , খোজ ললো অবিৰাম ।।
//24th October 2014, 5:30 p.m.//

Comments
Post a Comment