**।।আমি দুয়ো আৰু তুমি।।**
খবৰ পালোঁ তুমি আহিবা বুলি ,
সুখ , ফূৰ্ত্তী, উদ্দ্যমেৰে ভৰি পৰিল সেই পুৱা ।
দুয়ো দুয়োকে সাৱতি ধৰি কৰিলোঁ এক নতুন আশা, ভগৱানৰ আগত মূৰ দোৱাই কৰিলো দুয়োয়ে প্ৰাৰ্থনা ।
১৯ জুলাই ২০১৫, এনে এটি ৰবিবাৰে,
দুডাল ৰঙা আচঁ দেখি চাইচিলো বাৰে বাৰে।
ভাবিছিলো এটি নতুন জীৱন আহিব আমাৰ মাজত,
হ'ব আমাৰ জীৱন নতুন, সাজিব নতুন সাজত।
সকলো আছিল অনেক সুখী, কৰিছিল বহুতো কল্পনা ,
যেন অঙ্কিত হৈছিল আমাৰ জীৱনত নতুন এক আল্পনা।
৩০ জুলাই ২০১৫, শুনিলো এনে এক কথা ;
হয়তো তুমি নাহিবা, মনতে পালোঁ দুখ , কষ্ট ও ব্যথা।
জানিছিলো তুমি নাথাকা মোৰ লগত কেতিয়াও ,
তথাপিও যেন মনত এক আশা আছিল তেতিয়াও।
২১ আগষ্ট ২০১৫, তুমি মোৰ কাষৰ পৰা যাবলৈ ধৰিলা,
তোমাক কোলাত ধৰি ৰাখিব নোৱাৰিলো;
বিবষ মোক কৰিলা ।
ৰক্তৰ এটি এটি টোপাল , তোমাৰ এটি এটি অংশ ,
গৈ আছিল মোৰ মাজৰ পৰা, হৈ আছিল সকলো ধ্বংস।
কষ্টেৰে ভৰা আছিল সেই কেইদিন,
সকলোৰে আছিল ভিন্ন মত, ভিন্ন প্ৰতিক্ৰিয়া প্ৰতিদিন ।
২৬ আগষ্ট ২০১৫, তুমি আৰু নাই মোৰ মাজত,
আশা, কল্পনা, ফূৰ্ত্তী, উদ্দ্যম; নাই আৰু মোৰ কাষত ।
এদিন দুদিন কৈ দিন পাৰ কৰিলো,
লাহে লাহে তুমি নাই বুলি মানিবলৈ বাধ্য হলো।
আমি দুয়োয়ে নিজকে সামৰি লবলৈ লাগিল কিছুদিন ,
দুয়োজনৰে মনত ৰৈ গৈছিল দুখ , কষ্ট বহুদিন ।
আজি আমি দুয়ো আছোঁ সকলো পাহৰি যোৱাৰ চেষ্টাত
আৰু আছোঁ এক নতুন দিশত খোজ লোৱাৰ প্ৰচেষ্টাত।
//11th September 2015, 8:30 p.m//

Comments
Post a Comment