কিয় আজি মই নিস্তব্ধ,
কিয় আজি মই নিৰ্লিপ্ত,
আজি আছো এই জনসমুদ্ৰত মই,
এনেহেন লাগিছে যেন আছো অকলশৰীয়া হৈ।
অকলে আগবাঢ়িছো মই জীৱনৰ বাটত
নাই চোৱা আজি কোনেও বাট মোৰ নদীৰ ঘাটত।।
সঙ্গী হৈছে এই বাটত অচিনাকী চেহেৰা অলেখ,
কাৰো কিন্তু নাই সময় ৰবলৈ ক্ষণ এক।।
সকলো যেন ব্যস্ত লৈ নিজৰ সাথঁৰ সদৃশ জীৱন ,
হয়তো এই ব্যস্ততাৰ মাজতে পাৰ হৈ যাব আজীৱন ।।
//১৪ অক্তোবৰ ২০১৪//
কিয় আজি মই নিৰ্লিপ্ত,
আজি আছো এই জনসমুদ্ৰত মই,
এনেহেন লাগিছে যেন আছো অকলশৰীয়া হৈ।
অকলে আগবাঢ়িছো মই জীৱনৰ বাটত
নাই চোৱা আজি কোনেও বাট মোৰ নদীৰ ঘাটত।।
সঙ্গী হৈছে এই বাটত অচিনাকী চেহেৰা অলেখ,
কাৰো কিন্তু নাই সময় ৰবলৈ ক্ষণ এক।।
সকলো যেন ব্যস্ত লৈ নিজৰ সাথঁৰ সদৃশ জীৱন ,
হয়তো এই ব্যস্ততাৰ মাজতে পাৰ হৈ যাব আজীৱন ।।
//১৪ অক্তোবৰ ২০১৪//
Comments
Post a Comment